Logo
image

৩৫% কৰৰ প্ৰস্তাৱ চিগাৰেট, শীতল পানীয়ৰ ওপৰত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ডিচেম্বৰ : ধোঁৱাৰ কুণ্ডলী পকাই চিগাৰেট সেৱনৰ বদ অভ্যাস থকা ধঁপাত সেৱনকাৰীসকলৰ বাবে বেয়া খবৰ! কিয়নো প্ৰিয় চিগাৰেটটো এতিয়া ব্যয়বহুল হৈ পৰিব! চিগাৰেট তথা ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টি ৩৫ শতাংশলৈ বৃদ্ধি পাব পাৰে৷ চিগাৰেটৰ সমান্তৰালভাৱে শীতল পানীয়ৰ ওপৰতো বৃদ্ধি পাব পাৰে ৩৫ শতাংশলৈ জি এছ টি৷ বৰ্তমান শীতল পানীয়, চিগাৰেট তথা ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত ২৮ শতাংশ জি এছ টি প্ৰযোজ্য হৈ  আছে যদিও এই সামগ্ৰীসমূহৰ ওপৰত আৰোপিত জি এছ টি ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়া হৈছে৷ অহা ২১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি এছ টি পৰিষদৰ বৈঠকত এই প্ৰস্তাৱৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ সোমবাৰে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত অনুষ্ঠিত মন্ত্ৰী গোটৰ বৈঠকত চিগাৰেট, শীতল পানীয়কে ধৰি মুঠ ১৪৮ বিধ সামগ্ৰীৰ ওপৰত আৰোপিত জি এছ টিৰ হাৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ মন্ত্ৰী গোটৰ বৈঠকত মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষতিকাৰক সামগ্ৰীৰ লগতে অন্যান্য অত্যাৱশকীয় সামগ্ৰীৰো জি এছ টিৰ গাঁথনিৰ সাল-সলনিৰ বিষয়ত আলোচনা কৰে৷


একেদৰে সাজ-পোছাকৰ ওপৰত বাহাল থকা জি এছ টিৰ হাৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সেই অনুসৰি ৰেডিমেড গাৰ্মেণ্টছৰ ক্ষেত্ৰত ১,৫০০ টকা পৰ্যন্ত মূল্যৰ বস্ত্ৰৰ ওপৰত ৫ শতাংশ কৰ আৰোপ কৰা হ’ব পাৰে৷ ইয়াৰ বিপৰীতে ১,৫০০ টকাৰ পৰা ১০ হাজাৰ টকা মূল্যৰ ভিতৰত সাজ-পোছাকত ১৮ শতাংশ জি এছ টি আৰু ১০ হাজাৰ টকাৰ অধিক মূল্যৰ পোছাকত সৰ্বোচ্ছ ২৮ শতাংশ পৰ্যন্ত জি এছ টি প্ৰযোজ্য হ’ব পাৰে৷ বৰ্তমানৰ জি এছ টিৰ গাঁথনিৰ চাৰিটা স্তৰ ক্ৰমে ৫%, ১২%, ১৮% আৰু ২৮% ৰ উপৰি এইবাৰ নতুনকৈ ৩৫% হাৰৰ স্তৰ সংযোজন কৰাৰ চিন্তা-চৰ্চা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অৰ্থাৎ এতিয়াৰে পৰা নিৰ্দিষ্ট সামগ্ৰী আৰু সেৱাৰ ওপৰত সৰ্বাধিক ৩৫ শতাংশ পৰ্যন্ত কৰ সংগ্ৰহ কৰা হ’ব পাৰে৷ মন্ত্ৰী গোটৰ বৈঠকত পেকেজড খোৱাপানী (২০ লিটাৰ আৰু তাৰ ওপৰৰ) জি এছ টি হ্ৰাস কৰাৰ সিদ্ধান্তও লোৱা হয়৷ বৰ্তমানৰ ১৮ শতাংশ জি এছ টি ৫ শতাংশলৈ হ্ৰাস কৰাৰ চৰ্চা চলিছে৷ এক্সচাৰচাইজ নোটবুকৰ ওপৰত জি এছ টি ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা আৰু ১৫ হাজাৰ টকাৰ ওপৰৰ জোতাৰ জি এছ টি ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ ২৫ হাজাৰ টকাৰ ওপৰৰ হাতঘড়ীত ১৮ শতাংশৰ পৰা ২৮ শতাংশলৈ জিএছটি বৃদ্ধি কৰা হ’ব পাৰে৷ অহা ২১ ডিচেম্বৰত ৰাজস্থানৰ জয়ছালমেৰত ৰাজ্য সমূহৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব নিৰ্মলা সীতাৰমনে৷ জি এছ টি পৰিষদৰ এই বৈঠকত কেবিনেটৰ প্ৰস্তাৱিত প্ৰতিবেদন দাখিল কৰা হ’ব৷ তাতেই জি এছ টিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷